নুপূৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। নুপূৰক গ্ৰেপ্তাৰৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ক’লে ‘বৰ্খাস্তই নহয়, নূপূৰ বৰাৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ আইনী ব্যৱস্থাও’।দেওবাৰে নামচাই ৰিজৰ্টত আছিল নূপূৰ বৰা।তাৰ পৰা অনুসৰণ কৰি গুৱাহাটী পোৱাৰ পাচতে গ্ৰেপ্তাৰ চক্ৰ বিষয়া নূপূৰ বৰাক।আয়তকৈ ৪০০ গুণ অধিক সম্পত্তি পাইছে নূপূৰ বৰাৰ পৰা।বৰপেটাত সত্ৰৰ মাটি অবৈধভাৱে নামজাৰি কৰা বাবে ৬ মাহ পূৰ্বে বদলি কৰিছিলো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।তেওঁৰ পৰা ৯২ লাখ টকা, সোণৰ গহণা পোৱা গৈছে।আজি লকাৰ দুটা খোলা হ’ব