ধুবুৰীত খিলঞ্জীয়া কোচ ৰাজবংশীক প্ৰহাৰ কৰাৰ ঘটনাৰ পাছতেই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে জাতীয় সংগঠনে ৰাজ্যজুৰি ৰাজপথত নামি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে ধুবুৰীৰ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বন কৰাৰ দাবী উত্থাপন কৰি ঘটনাৰ সৈতে জড়িত সকলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী।
পুৱাৰ পৰা ধুবুৰী আৰু সাপটগ্ৰামসহ বিভিন্ন ঠাইত প্ৰতিবাদকাৰী সকলে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আহ্বানত সাধাৰণ জনতাইও প্ৰতিবাদত যোগদান কৰে। ধুবুৰী আৰু সাপটগ্ৰামতো বন্ধৰ প্ৰভাৱ স্পষ্ট দেখিবলৈ পোৱা যায়। বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, পৰিবহন সেৱা আদি বন্ধ হৈ পৰাত সাধাৰণ যাত্ৰী সকল বিশেষভাৱে সমস্যাত পৰে।
প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি কয় প্ৰশাসনৰ বৰ্বৰ অত্যাচাৰত অসমবাসী অতিষ্ঠ। এই আঘাত কেৱল কোচ ৰাজবংশী জনজাতিৰ ওপৰত নহয়, সমগ্ৰ অসমীয়াৰ অধিকাৰৰ ওপৰত আঘাত।
বিভিন্ন সংগঠনে স্পষ্ট সতৰ্কবাণী— দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব। চৰকাৰে শীঘ্ৰেই পদক্ষেপ নললে অহা দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।