Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত অৰুণোদয় আঁচনিৰ নামত ভয়ংকৰ অনিয়ম সংঘটিত হোৱাৰ বাতৰি বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমৰ লগতে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছতো অন্ত পৰা নাই অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি। মৈৰাবাৰীৰ বিভিন্ন স্থান ক্ৰমে: দলৈগাঁও,মৈৰাবাৰী,হাতিমূৰীয়া, লেংৰিবড়ী আদি গাঁও পঞ্চায়তত এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে অনিয়মৰ ঘটনা।গউপৰোক্ত গাঁও পঞ্চায়ত সমূহত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আঁচনিৰ বাছনি কমিটিৰ বিৰুদ্ধে।পঞ্চায়ত সমূহৰ অন্তৰ্গত আঁচনি বঞ্চিত ৰাইজৰ অভিযোগ অনুসৰি – আঁচনিটোৰ বাবে গঠন কৰি দিয়া বাচনি কমিটিয়ে ৰহস্যজনক ভাৱে বহু প্ৰাপ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি নিজৰ পৰিয়াল তথা অযোগ্য লোকৰ নাম ধনৰ বিনিময়ত আঁচনিটোৰ ফাইনেল তালিকাত সন্নিবিষ্ট কৰিছে। আনকি আঁচনিত নাম সোমাবলৈ বাছনি কমিটিৰ লোকক ৫০০/১০০০ টকা উটকোচ হিচাপে দিয়াৰ পিছতো ফাইনেল তালিকাত নাম নাই বহু লোকৰ । চৰকাৰে দুখীয়া-দৰিদ্ৰ, বিকলাংগ, বিধৱা সকলৰ বাবে উক্ত আঁচনি দিয়াৰ পিছতো এনেদৰে একাংশ লোকৰ এনে অনিয়মৰ বিৰোধিতাৰে বিভিন্ন অঞ্চলত কৰিছে প্ৰতিবাদ। আঁচনি বঞ্চিত ৰাইজে চৰকাৰৰ ওচৰত যোগ্য জনক আঁচনি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

Wordpress Social Share Plugin powered by Ultimatelysocial