আজি চতিয়া দিৱস। ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামী জনতাই ঘেৰাও কৰি ত্ৰিৰংগা পতকা উত্তোলন কৰি ইতিহাস ৰচনা কৰিছিল।

স্বাধীনতা আন্দোলনৰ এই সোণালী ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছে।
অসমৰ মুখ্যমন্ত্ৰীয়ে এই চতিয়া দিৱস অসম বিধানসভাত চৰকাৰী ভাবে অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি চৰকাৰী ভাবে প্ৰথম বাৰৰ বাবে চতিয়া দিৱস পালন কৰা হয়। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ এই সোণালী ইতিহাস সোৱৰি মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ ঐতিহাসিক পুৰণি থানা চৌহদত স্বাধীনতা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৫ কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ স্বাধীনতা আন্দোলনৰ এই সোণালী ইতিহাস ধৰি ৰাখিবলৈ এখন বোলছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় আৰু এই বোলছবিৰ নিৰ্মাণৰ খৰছ অসম চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে। চতিয়া দিৱসৰ এই কাৰ্যসূচীত মুক্তি যোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতে উদ্ধোধনী ভাষণ প্ৰদান কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
আজিৰ অনুষ্ঠানত বিহালি, বিশ্বনাথ, ৰঙাপাৰা,বৰচলা সমষ্টিৰ বিধায়কে অংশগ্ৰহণ কৰে।