আজি বিশ্ব ফটোগ্ৰাফী দিৱস। আজিৰ এই বিশেষ দিনটোত তাহানিৰ সংগ্ৰাম সুঁৱৰি নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ ৮০ দশকৰ এগৰাকী প্ৰসিদ্ধ ফটোগ্ৰাফাৰ খোকন পাল।
ফটোগ্ৰাফাৰ খোকন পালৰ ঘৰ কলিয়াবৰৰ ভোমোৰাগুৰি গাঁৱত। ১৯৭৯ চনতে হাতত কেমেৰা তুলি লৈছিল ফটোগ্ৰাফাৰ খোকন পালে।
জীৱনৰ বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে ফটোগ্ৰাফাৰ খোকন পালে ফটোৰ জৰিয়তে আৰম্ভ কৰিছিল ছাঁ-পোহৰৰ সংগ্ৰাম। ১৯৮৬ চনত পশ্চিম কলিয়াবৰৰ অন্যতম ব্যৱসায়ী স্থল নলতলি বজাৰত “ৰূপ ৰং” নামেৰে নিজৰ এটি ষ্টুডিঅ’ খুলি ফটোগ্ৰাফী কেৰিয়াৰ আৰম্ভ কৰা খোকন পালে সমাজ জীৱনৰ বহু বিষয়,ঘটনা-পৰিঘটনা বহুতো স্মৃতি কেমেৰাত বন্দী কৰাৰ লগতে পঙ্কজ ওডাস, আৰু ভূপেন হাজৰিকাৰ লগতে বহুতো গণ্যমান্য ব্যক্তিৰ ফটো নিজৰ কেমেৰাত আবদ্ধ কৰিছিল সেই সময়ত।
ফটোগ্ৰাফীৰ প্ৰতি থকা প্ৰৱল হেঁপাহৰ বাবেই এতিয়াও পুৰণি ৰীল কেমেৰা কেইটাত কেতিয়াবা আঙুলি বুলাই ৰোমাঞ্চিত হৈ পৰে খোকন পাল।