আজি প্ৰবিত্ৰ ভাদ মাহৰ প্ৰথম দিন। ৰাজ্যৰ ধৰ্মীয় পীঠস্থান সমূহৰ লগতে যোৰহাট জিলাৰ ১৪৫০ শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকল আহি ধূপ চাকি,বন্তি লৈ আশিষ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে পৱিত্ৰ ভাদ মাহত চাৰি প্ৰসঙ্গীয়া পাল নামৰ সকলো কাৰ্যসূচী লগতে গুৰু দুজনাৰ তিৰোভাৱ তিথি ,শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ১ আহিন লৈ আয়োজন কৰা হৈছে।
এইবাৰ নামাচাৰ্য হিচাপে থাকিব চামগুৰি সত্ৰৰ ভৰত মহন্ত দেৱ । সকলো জাতি ,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।