Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মহাদেৱৰ আৰাধনাত ব্যস্ত দেশৰ কোটি কোটি ভক্ত। আজি শাওনৰ অন্তিমটো সোমবাৰ। শিৱলিংগত পানী ঢালিবলৈ বা পূজা অৰ্চনা কৰিবলৈ নন্দেশ্বৰ পীঠটো দেখা গল ভক্তৰ লানি নিচিগা ভিৰ। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ মাটিয়াৰ নন্দেশ্বৰ পীঠটো প্ৰতি বছৰে পৰিলক্ষিত হয় ভক্তৰ সমাগম। এইবাৰো তাৰ বিপৰীত নহয়, দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰাধনা কৰাৰ উদ্দেশ্যে গোৱালপাৰাৰ ভিন্ন অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী লোকে যাত্ৰা কৰে এই নন্দেশ্বৰ পীঠলৈ। দুধনৈ নৈৰ পাৰত ৪৬ নং ৰাজ্যিক ঘাইপথৰ দাতিত অৱস্থিত পৱিত্ৰ শ্ৰী শ্ৰী নন্দেশ্বৰপীঠ।

শাওন মাহৰ সোমবাৰ কেইটাত শিৱভক্তসকলে শিৱ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয়। এইবাৰ শাওন মাহত ৪ টা সোমবাৰ পৰিছে।

মহাদেৱৰ এই শাওন মাহটো বেছি প্রিয়। বেছি প্ৰিয় সোমবাৰকেইটা। প্ৰতিজন ব্যক্তিয়েই কম-বেছি পৰিমাণে মহাদেৱক আৰাধনা কৰে ,শিৱ লিংগত জল বা গাখীৰ অৰ্পন কৰি মহাদেৱক সন্তুষ্ট কৰা হয়।

পবিত্ৰ শাওনৰ মাহত দেৱাদিদেৱ মহাদেৱ শিৱৰ জন্ম হৈছিল বুলি কোৱা হয় । সেয়েহে এই মাহটোত বিশেষকৈ শিৱ ভক্তসকলে শিৱৰ আৰাধনাত ব্ৰতী হয়। লগতে এই সময়ৰ পৰা ভগৱান শ্ৰীবিষ্ণু ৪ মাহৰ বাবে যোগনিদ্ৰাত থাকে। সেয়ে এই সময়ছোৱাত ভগৱান শিৱই সংসাৰখন পালন কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial