গুৱাহাটীৰ পাঞ্জাবাৰী মছজিদত গাহৰি মাংসৰ টোপোলা পেলাই যোৱা ঘটনাক লৈ এজনক গ্ৰেপ্তাৰ। বৰপেটাৰ পৰা মৃদুপৱন পাঠকক নামৰ এজন গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।মৃদুপৱন নাথক গ্ৰেপ্তাৰৰ পিছতে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ জানিব পৰা অনুসৰি এগৰাকী যুৱতীৰে পূৰ্বে সম্পৰ্ক আছিল যুৱকজনৰ। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক বদনাম কৰিবৰ বাবে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। মৃদুপৱন পাঠকে কয় যে ‘‘সন্দেহৰ ভিক্তিত আৰক্ষীয়ে মোক ধৰিছে। মাংসৰ টোপালৰ সৈতে পোৱা চিঠিখনৰ হাতৰ আখৰ মোৰ নহয়।’’ অৱশ্যে চিঠিত উল্লেখ থকা ছোৱালীগৰাকীক চিনি পোৱা বুলি স্বীকাৰ মৃদুপৱনৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial