Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সভা। পাট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় চাৰি হেজাৰ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যো-জা চলাইছে চৰকাৰে। প্ৰায় চাৰি হেজাৰ বিঘা মাটিত উচ্ছেদৰ সম্ভাৱনা।


প্ৰায় ৯০০ বিঘা পট্টা মাটি আছে। ২২০০ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, জিলা অতিৰিক্ত আয়ুক্ত, গৌৰীপুৰ চক্ৰ বিষয়া ই আলমগঞ্জ অঞ্চলৰ পাট্টাদাৰ সকলৰ সৈতে আলোচনাত মিলিত হৈছিল। আজি আলমগঞ্জৰ চিতলকাটীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ নেতৃত্বত এক সভা অনুষ্ঠিত হয়। সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে- ভূমিপুত্ৰ তথা পাট্টাদাৰ সকলৰ মাটি কেতিয়াও এৰি দিয়া নহব।

চৰকাৰী মাটিত বসবাস কৰা লোক সকলক উচ্ছেদ কৰক।
কিন্তু খিলঞ্জীয়া তথা দেশী জনগোষ্ঠীৰ পানবাৰী তথা আলমগঞ্জ অঞ্চলৰ গাঁও সমূহ নি:শেষ কৰিবলৈ দিয়া নহব। ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত আলমগঞ্জ ১ম খণ্ড, আলমগঞ্জ চতুৰ্থ খণ্ড, আলমগঞ্জ পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড,নৱম খণ্ড বাঘমাৰা আদি গাঁৱৰ ভূমি সীমা নিৰ্ধাৰণৰ যো-জা।

Advantage Assam 2.0 অধীনত প্ৰকল্প নিৰ্মাণৰ বাবে বৃহৎ ভূমি অধিগ্ৰহণ কৰাৰ বাবে পাট্টাদাৰ সকলক ইতিমধ্যেই অৱগত কৰিছে জিলা প্ৰশাসনে। পাট্টাদাৰ সকলে কিছু সংখ্যকে পাট্টা ভূমি এৰি নিদিয়াৰ কথা কয় যদিও আনফালে ঘৰ দুৱাৰ,ভেটি মাটি বাদ দি ভূমি এৰি দিয়াৰ পোষকতা একাংশ পাট্টাদাৰৰ।চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালৰ গৃহ- উচ্ছেদ হোৱাৰ আতংকত নিদ্ৰা হৰণ হৈছে কেইবাখনো গাঁৱৰ ৰাইজৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial