শীঘ্ৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল। চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। এইবাৰ স্নাতক পৰ্যায়ৰ শিক্ষক পদৰ বাবে সম্পন্ন হ’ব নথি পৰীক্ষণ। ২৩ জুনৰ পৰা নিৰ্দিষ্ট ৱেবচাইটত উপলব্ধ হ’ব TCRTৰ প্ৰথম প্ৰশ্নকাকতৰ নম্বৰ। মাণ্ডলিক পৰ্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। ৰাজ্যৰ ৬ টা মণ্ডলত সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া।