Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অভিশপ্ত ১২ জুন.. আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আছে বহু কাৰিকৰী বিজুতি।
সঘনাই দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। সামাজিক মাধ্যমত লিখিলে কেইবাগৰাকীও পুৰণি এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী, পাইলটে।


২০০৯ চনত প্ৰথম বাৰৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ড্ৰিমলাইনাৰ। বিমানখনত বিজুতি থকা বাবে দীৰ্ঘদিনৰ বাবে উৰণতো নিষেধাজ্ঞা আৰোপ কৰা থোৱা হৈছিল। কেইবাবাৰো এই বিমানখনে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মস্কোত জৰুৰী অৱতৰণ কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ড্ৰিমলাইনাৰ, সেইসময়ত বিমানখনত আছিল ২৮৫গৰাকী যাত্ৰী। বিভিন্ন সময়ত আকাশমাৰ্গতে কাৰিকৰী বিজুতি ঘটিছিল বিমান খনৰ। অৱশেষত বৃহস্পতিবাৰে আহমেদাবাদত ক্ৰেচ হৈ বিমানখন। এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক ঘোষণা অনুসৰি ২৪১গৰাকীৰ যাত্ৰীৰ মৃত্যু হয়। কথমপি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যাত্ৰীৰ। সমগ্ৰ দেশ কপাই গৈছে এই ঘটনাই। বিমান পৰ্যটন বিভাগে আৰম্ভ কৰিছে তদন্ত।

Wordpress Social Share Plugin powered by Ultimatelysocial