ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।সংকটপূৰ্ণ সময়ত অসমবাসীক সকলো সহায়ৰ আশ্বাস মোদীৰ।পৰিস্থিতি সন্দৰ্ভত ফোনযোগে মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিলে এই কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি – ‘আজি পুৱা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ বৰ্তমান বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয়।মাননীয় প্ৰধানমন্ত্ৰীয়ে এই সংকটপূৰ্ণ সময়ছোৱাত অসমবাসীক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ক্ষেত্ৰত যথাসম্ভৱ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে’।
ইতিমধ্যে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে লখিমপুৰ আৰু বৰাকত। তাৰ মাজতেই বান পৰিস্থিতৰে মোকাবিলা কৰিবলৈ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।