Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

সততে আমি শুনি অহা খাকি পোচাকধাৰী অসম আৰক্ষীৰ মাজত কিছু সংখ্যক আৰক্ষীৰ বৰ্বৰ আৰু অন্যায় অত্যাচাৰৰ কথা শুনি থাকো। এচাম আৰক্ষীয়ে বিভিন্ন সময়ত সাধাৰণ জনতাৰ ওপৰত অতি বৰ্বৰ আৰু অন্যায় ভাৱে জপিয়াই পৰাৰ কথা সংবাদ মাধ্যমত দেখা পোৱা যায় । কিন্তু এই আৰক্ষী সকলৰ মাজত মানৱদৰদী আৰু সহজ সৰল ব্যক্তিত্বৰ বিষয়া কৰ্মচাৰীও আছে অসম আৰক্ষীত। ইতিমধ্যে সমাপ্ত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্যৰত অৱস্থাত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাশ্বতী চৌধৰীয়ে নিৰ্বাচনৰ ভোট গণনাৰ সময়ত প্ৰাৰ্থী এগৰাকীৰ লগত অহা কণমানি শিশু এটাক কোলাতে লৈ হাঁহি ফূৰ্তি কৰাৰ ‌এখন বিশেষ আলোকচিত্ৰ । বৰ্তমান হোজাই জিলাত বিশেষ বাবে চৰ্চিত হৈছে এই বিশেষ আলোকচিত্ৰ খন । কৰ্তব্যৰত অৱস্থাত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাশ্বতী চৌধুৰীয়ে শিশুটিৰ প্ৰতি দেখুওৱা মাতৃ সুলভ আচৰণ কাৰ্যত সমগ্ৰ হোজাই জিলাৰ ৰাইজে উপ-আৰক্ষী অধীক্ষক ভাশ্বতী চৌধুৰীক ধন্যবাদ জনাইছে।

Wordpress Social Share Plugin powered by Ultimatelysocial