ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰ মাজত অব্যাহত আছে তীব্ৰ উত্তেজনা। পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই কঠোৰ স্থিতি ভাৰতৰ। উত্তেজনাৰ মাজতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্যলৈ জাৰি কৰিছে নিৰ্দেশনা। ৭ মে’ বুধবাৰে দেশৰ মুঠ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব মকড্ৰিল। অসমৰ ২০ টা স্থানত যুদ্ধকালীন সুৰক্ষাৰ বাবে চলিব অনুশীলন।
মকড্ৰিল অনুষ্ঠিত হ’বলগা ঠাইসমূহ হৈছে বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া,নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰ। প্ৰধানমন্ত্ৰী মোদীয়ে স্থল সেনা,জলসেনা আৰু বায়ুসেনাৰ মুৰব্বী সকলৰ সৈতে বৈঠকত মিলিত হৈছিল। তাৰ পিছতেই অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহলৈ অনুশীলন চলাবলৈ নিৰ্দেশ জাৰি কৰে।