Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পুখুৰী নে ৰাজপথ ধৰিবই নোৱাৰি। তিনিচুকীয়া জিলাৰ চাহ নগৰীৰ বুকুৱেদি যোৱা ঘাইপথটি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথেৰেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী সকলে পৰশুৰামকুণ্ডলৈ যায়। এই ডুমডুমাৰ নাতিদূৰৈতেই অৱস্থিত ভূপেন হাজৰিকা সেতু। এই বৃহত্তম দলংখন চাবলৈ দেশ বিদেশৰ পৰ্যটকৰ দৈনন্দিন সোঁত বৈ আছে। কিন্তু ডিজিটেল অসমৰ কথা কৈ উফাইদাং মৰা শাসক চৰকাৰৰ বৰমুৰীয়া সকলৰ চকু নপৰে উক্ত পথচোৱাত। বহুকেইটা বছৰ ধৰি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি বিহিনে চলি আছে। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ তেজু ,হাইলুং ,আনিনি আদি ঠাইলৈ যাবৰ হলে এই পথৰ অবিহনে গত্যন্তৰ নাই। ৰূপাই ,ডুমডুমা নগৰৰ মাজ মজিয়াত এজাক বৰষুণেই নমাই আনে কাল অমানিশা ৷

ৰাজপথত সৃষ্টি হৈছে পুখুৰীসদৃহ গাঁত। পুখুৰীয়েই নে ৰাজপথ ধৰিবকে নোৱাৰি। এই ৰাজপথৰ মাজত বহু যানবাহন সোমাই যান্ত্ৰিক বিজুতিৰ বাবে বিভিন্ন যন্ত্ৰাংশৰ ক্ষতিসাধন হৈছে।
বিভিন্ন দল সংগঠনে এই পথৰ মেৰামতিৰ বাবে প্ৰতিবাদ কৰিও সুফল নাপালে। ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে আহুকালত ভুগিছে সাধাৰণ জনতা। এই পথৰ বাবে ৰোগীসকলে দৈনন্দিন কবকবাই থাকিবলগীয়াত পৰিছে।
প্ৰকাণ্ড গাঁতত গাড়ীৰ চকা সোমাই বিদ্যাৰ্থীৰ ইউনিফৰ্মত বোকা ছটিয়াই গৈছে। কিন্তু ভ্ৰক্ষেপ নাই চৰকাৰৰ । আনহাতে ডুমডুমা নগৰৰ মাজমজিয়াত থকা মন্ত্ৰী ৰূপেশ গোৱালা সকলো দেখিও নেদেখাৰ ভাও ধৰিছে কিয় ? সদৌ অসম ছাত্ৰ সন্থাই ডুমডুমা ,ৰূপাই ৰ জৰাজীৰ্ণ পথৰ মেৰামতিৰ দাবী জনায়। আছুৱে শাসক চৰকাৰক কয় যে–ডিজিটেল অসম আৰু কেৱল উৰনীয়া সেতুৰ কথা শাসক চৰকাৰে কলেই নহ’ব ৷ ডুমডুমা নগৰৰ মাজেৰে যোৱা পথচোৱা গড়কাপ্তানি বিভাগৰ সংশ্লিষ্ট বিষয়াই ভুমুকি মাৰক।

Wordpress Social Share Plugin powered by Ultimatelysocial