চূড়ান্ত হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। বহু জল্পনা-কল্পনাৰ অন্তত বুধবাৰে ঘোষণা কৰা হয় দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। ২৯, ৫৯৫ ভোটৰ ব্যৱধানত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীক হৰুৱাইছিল ৰেখা গুপ্তাই। শালিমাৰ বাগৰ বিধায়ক ৰেখা গুপ্তা ৰাজনৈতিক জীৱনত প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। ৰামলীলা ময়দানত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত ল’ব শপত ।প্ৰায় ২৬/২৭ বছৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত বহিব বিজেপি প্ৰাৰ্থী। ইফালে প্ৰৱেশ বাৰ্মা হ’ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী। শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।