আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ৪,২৯,৪৪৮ পৰীক্ষাৰ্থী।
ৰাজ্যৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত মেট্ৰিক পৰীক্ষা। বিগত বৰ্ষতকৈ এইবাৰ ৪৮,১৮২ গৰাকী ছাত্ৰীৰ সংখ্যা বৃদ্ধি। ১,৯০,৬৫০ জন ছাত্ৰ, ২, ৩৮,৭৯৫ গৰাকী ছাত্ৰী এইবাৰ বহিছে পৰীক্ষাত। বিগত বৰ্ষতকৈ ৮,৭২০ পৰীক্ষাৰ্থী বৃদ্ধি।নতুন শিক্ষা নীতিৰ অধীনত এইবাৰ অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত নাথাকিব কোনো স্থান প্ৰাপ্তৰ ব্যৱস্থা।