Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মায়’ডিয়াৰ বৰফ চাবলৈ গৈ থান বান হ’ল নুমলীগড়ৰ দুটা পৰিয়াল ।৫০০ ফুট দ’খাৱৈত দুই পৰিয়ালসহ পৰিল স্ক’ৰপিঅ’ বাহন । থিতাতে নিহত ৪ জন যাত্রী।এক ভয়ংকৰ পথ দুৰ্ঘটনাই পলকতে শেষ কৰিলে এটা পৰিয়াল। নৱবৰ্ষ উপলক্ষে নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা দুই ভাতৃৰ পৰিয়ালে প্ৰকৃতিৰ নান্দনিক ৰূপ পৰিদৰ্শন কৰিবলৈ অৰুণাচলৰ মায়’ডিয়ালৈ গৈছিল। কিন্তু নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা ৫০০ ফুট দ’খাৱৈত পৰিল স্ক’ৰপিঅ’ বাহনখন।

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৰ ৬গৰাকীকৈ সদস্য ক্ৰমে সূৰুজ ছেত্রী, মীনা ছেত্রী, ৰঞ্জীত ছেত্রী, হৰিমায়া ছেত্রী , কণমানি শিশু ৰৌশ্নী ছেত্রী,চালক মনোজ ওৰফে অজয় ছেত্রী ।দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্ক’ৰপিঅ’ বাহনৰ চালক অজয় ওৰফে মনোজ ছেত্রী আৰু সূৰুজ ছেত্রী আৰু তেওঁৰ পত্নী মীনা ছেত্রীৰ লগতে ৰঞ্জীত ছেত্রী।
আনহাতে গুৰুতৰ ভাৱে আহত হৈ অসম মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে হৰিমায়া ছেত্রী আৰু কণমানি শিশু ৰৌশ্নী ছেত্রী।
পৰিয়ালটো লগত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই শোঁকৰ ছা পৰিছে সমগ্র নুমলীগড়ৰ ঔগুৰি চাপৰি অঞ্চল।

Wordpress Social Share Plugin powered by Ultimatelysocial