জাতীয়তাবাদী ভাবধাৰাৰে ২০২০ চনত জন্মলাভ কৰা অসম জাতীয় পৰিষদৰ দলটিয়ে আজি চতুৰ্থ বৰ্ষত ভৰি দিলে। জাতীয় জীৱনৰ এই ঐতিহাসিক দিনটোত ধেমাজি জিলা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সভাৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰাৰ। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিত্ৰৰঞ্জন বসুমতাৰীকে ধৰি কেন্দ্ৰীয় বিষয়া সকল।