অসমৰ হোজাই জিলাৰ কামপুৰ অঞ্চলত সংঘটিত হয় ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা। নিশা ২ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ জাকটো।ৰাজধানী এক্সপ্ৰেছ হাতীৰ জাকত খুন্দা মৰাৰ ফলত ইঞ্জিন আৰু ৫টা ডবা ৰে’লপথৰ পৰা ওলাই যোৱাৰ ফলত কমেও ৭টা বনৰীয়া হাতী নিহত হয়। হাতীৰ জাকটো পৰ্যবেক্ষণ কৰি ৰে’লৰ পাইলটে জৰুৰীকালীন ব্ৰেক লগালে যদিও ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয় হাতীৰ জাকটো।

সেই অংশৰ মাজেৰে পাৰ হ’বলগীয়া ৰে’লসমূহ আন এটা লাইনৰ মাজেৰে ডাইভাৰ্ট কৰা হৈছে আৰু পুনৰুদ্ধাৰৰ কাম চলি আছে।
ইতিমধ্যে গুৱাহাটী ৰেল ষ্টেচনত হেল্পলাইন নম্বৰ সক্ৰিয় কৰা হৈছে: ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩।
এই দুৰ্ঘটনাৰ পিছতেই উজনি-নামনিৰ বহু ৰে’ল আৱদ্ধ হৈ পৰে। বন্ধ কৰা হয় উজনি – নামনিৰ ৰে’ল চলাচল। যাৰ ফলত যাত্ৰীৰ মাজত লাগে হাহাকাৰ ।
যোগীজান ষ্টেচনত আৱদ্ধ লিডু – গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ।বেংগালুৰু SF এক্সপ্ৰেছ আৱদ্ধ হোজাই ষ্টেচনত। কন্যাকুমাৰী বিবেক SF এক্সপ্ৰেছ আৱদ্ধ লামডিং জংচনত।কামৰূপ এক্সপ্ৰেছ আৱদ্ধ ডিমাপুৰ ষ্টেচনত ।উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ আৱদ্ধ চাপৰমুখত।ৰাজ্যৰাণী এক্সপ্ৰেছ বাতিল কৰা হয় ।ৰঙিয়া – নিউ তিনিচুকীয়া এক্সপ্ৰেছ বাতিল কৰা হয়।