অসমত ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’।এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ লগতে অঞ্চলটোৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি কৰে।এই অনুষ্ঠানত যোগদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,কেবিনেট মন্ত্ৰী অশোক সিংঘল।আৰু এই অনুষ্ঠানত একাধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে।
আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে।ঢেকিয়াজুলিত স্থানীয় ৰাইজে ওজাপালি তথা হোলী উৎসৱৰ গীত পৰিৱেশন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনায়।
এই জন আশীৰ্বাদ যাত্ৰাই ঢেকিয়াজুলি,বৰছলা,তেজপুৰ,নদুৱাৰ আৰু ৰঙাপাৰা এই পাঁচটা সমষ্টিৰ কেইবাটাও অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিব।
