Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

যি সময়ত চৰকাৰী চিকিৎসালয়ৰ প্ৰতি একাংশই অনিহা প্ৰকাশ কৰি আহিছে থিক সেই অনুৰূপ সময়তেই এগৰাকী ব্যক্তিৰ মাতৃক চৰকাৰী চিকিৎসকে উন্নত চিকিৎসা সেৱা প্ৰদান কৰি‌ সুস্থতা প্ৰদান কৰিলে।

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰখনৰ চিকিৎসক আৰু নাৰ্ছৰ প্ৰাণ চেষ্টাৰ ফলত এগৰাকী মৃতপ্ৰায় মাতৃক সুস্থ কৰি তোলাৰ বাবে এজন পুত্ৰই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী ,অধীক্ষক ডাঃ কৱীন্দ্ৰ দেৱ শৰ্মা সহ কেইবাগৰাকী চিকিৎসক , নাৰ্ছ আৰু সুৰক্ষা কৰ্মীক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ উন্নত চিকিৎসা সেৱা নগাঁওবাসীক প্ৰদান কৰা বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক ধন্যবাদ জনায় পুত্ৰই।

Wordpress Social Share Plugin powered by Ultimatelysocial