
৪৭ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্পৰ মুকলি আৰু শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰীয়ে। কামাখ্যা–চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, গুৱাহাটী–নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী–আগৰতলা এক্সপ্ৰেছ ৰে’ল সেৱা ভাৰ্চুৱেলী মুকলি কৰিব। লগতে ২৫৬ কোটি টকা ব্যয়েৰে বাঁহবাড়ী ৰে’ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।ইয়াৰ উপৰি অসম মালা 3.O আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৪খন জিলাত ৩৬খন দলংসহ ৰাজপথ নিৰ্মাণৰ বাবে ৩২১৭ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে বিটিচি এলেকাত ১১০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ৪খন ফ্লাই-অভাৰ আৰু দুখন দলঙৰো ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই সকলো প্ৰকল্প মিলাই মুঠ ব্যয় হ’ব প্ৰায় ৪৫৭৪ কোটি টকা।জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ’ব আন এক বিশেষ অনুষ্ঠান। তাত চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে পি এম কিষাণ আঁচনি, ৰে’লৱে’ প্ৰকল্প, কপিলী জলবিদ্যুৎ প্ৰকল্প, কামাখ্যা ৰ’পৱে’ প্ৰকল্প আৰু আন বহু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। এই পৰ্যায়ত মুঠ প্ৰকল্পৰ ব্যয় হ’ব প্ৰায় ১৯,১৫৬ কোটি টকা।১৪ মাৰ্চত পুৱা ১০ বজাত গুৱাহাটীৰ পৰা শিলচৰলৈ ৰাওনা হ’ব মোদী। শিলচৰত পুৱা ১১ বজাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ পাছত দুপৰীয়া প্ৰায় ১ বজাত শিলচৰৰ পৰা নতুন দিল্লীলৈ উভতি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী