চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অকলেই যুঁজ দিছিল তেওঁ। বিষয়া জনে কৈছিল ‘মই মোৰ চাকৰিৰ জীৱনত দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ’। অৱশেষত পৰিণাম- ৫৭ বাৰ ট্ৰান্সফাৰ।দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এজন IAS বিষয়াৰ কাহিনী এতিয়া চৰ্চাত।নাম- অশোক খেমকা।৩০ এপ্ৰিলত অৱসৰ ললে বিষয়া গৰাকীয়ে হাৰিয়ানাৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ ললে বিষয়া গৰাকীয়ে। চাকৰি জীৱনত চৰকাৰৰ দুনীৰ্তিৰ বিৰুদ্ধে মাত মতাৰ বাবেই লাভ নকৰিলে গুৰুত্বপূৰ্ণ দপ্তৰ।বঞ্চিত হ’ল প্ৰদোন্নতিৰ পৰাও। চোনীয়া গান্ধীৰ জোৱায়েক ৰবাৰ্ট ভদ্ৰাৰ
বিৰুদ্ধেও লৈছিল কঠোৰ স্থিতি। ১৯৯১ চনৰ IAS কেডাৰৰ বিষয়াগৰাকীক দেশৰ সকলোতকৈ অধিক বাৰ ট্ৰান্সফাৰ হোৱা বিষয়া বুলি জনা যায়