অৱশেষত পিছুৱাই দিয়া হ’ল টেটৰ লিখিত পৰীক্ষাৰ দিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত লিখিত পৰীক্ষাৰ দিন সলনিৰ সিদ্ধান্ত গ্ৰহণ ছেবাৰ। ন্যায়ালয়ৰ নিৰ্দেশত ২৯ ডিচেম্বৰত অনুষ্ঠিত নহয় টেটৰ লিখিত পৰীক্ষা। পূৰ্বে ২৯ ডিচেম্বৰত টেটৰ লিখিত পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছিল যদিও পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষাৰ দিন সলনিৰ দাবী কৰিছিল।
হঠাৎ পাঠ্যক্ৰম সলনি কৰাত লিখিত পৰীক্ষাৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল পৰীক্ষাৰ্থীসকলৰ। পৰীক্ষা পিছুৱাবলৈ আদালতৰ কাষ চাপিছিল পৰীক্ষাৰ্থী। অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ দিয়ে নূন্যতম ১৫ দিন পৰীক্ষা পিছুৱাব লাগিব। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব টেটৰ লিখিত পৰীক্ষা।