Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

২০২৬ ৰ‌ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছলৈ নামি আহিল এক বৃহৎ ধুমুহা।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগে কংগ্ৰেছলৈ এক বিপৰ্যয় কঢ়িয়াই আনিলে।এনে পৰিস্থিতিৰ বাবে কংগ্ৰেছ দলৰ মাজত নানা আন্তঃকন্দলেও দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে।অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণে কংগ্ৰেছ দললৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে।প্ৰিয়ংকা গান্ধীয়ে কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰ‌ মনোবল বৃদ্ধি কৰিছে।

আজি দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক।এই বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ,ৰিপুন বৰা আৰু ৰকিবুল হুছেইন।আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধীৰ লগত মিত্ৰজোঁটৰ লগতে প্ৰাৰ্থীৰ বাছনিৰ বিষয়ে প্ৰিয়ংকা গান্ধীৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনাত মিলিত হ’ব গৌৰৱ গগৈকে আদি কৰি আটাইকেইগৰাকী দলীয় নেতা।

Wordpress Social Share Plugin powered by Ultimatelysocial