২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত।নিৰ্বাচনৰ আগত সমষ্টি সমষ্টিয়ে চলিছে নিৰ্বাচনী যুঁজ।নগাঁৱৰ এটি উল্লেখনীয় সমষ্টি আছিল বটদ্ৰৱা সমষ্টি,সমষ্টি পূনঃনিৰ্ধাৰণৰ পাছত বটদ্ৰৱা সমষ্টিৰ কিছু অংশ অন্তৰ্ভুক্ত হ’ল ধিং সমষ্টিত আৰু কিছু অংশ নগাঁও সমষ্টিত।

আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিজেপি দলৰ ৰূপক শৰ্মায়ে।পূৰ্বৰ বিধায়ক ৰূপক শৰ্মায়ে পুনৰ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিবলৈ সাজু হৈছে।তাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা প্ৰতিদন্দ্বিতা কৰিবলৈ সাজু হৈছে মৃণাল হাজৰিকা।কংগ্ৰেছ দলৰ এজন যুৱ নেতা মৃনাল তালুকদাৰ জড়িত বিভিন্ন সামাজিক কাম-কাজত।সমান্তৰালকৈ মৃনাল হাজৰিকা জড়িত ক্ৰীড়া ক্ষেত্ৰত।
আনহাতে অত্যাধিক সংখ্যালঘুলোকৰ বসতি থকা ধিং সমষ্টিত অন্তৰ্ভুক্ত হ’ল বটদ্ৰৱাৰ কিছু অংশ।এটি ঐতিহ্যমণ্ডিত সমষ্টিৰ বিভাজনৰ ফলত নিৰ্বাচনৰ ক্ষেত্ৰত কিছু সাল-সলনি দেখিবলৈ পোৱা যাব।ভোটাৰৰ সংখ্যাৰ তাৰতম্যৰ লগতে,ধৰ্মীয় সংখ্যালঘুলোকৰ ভোটাৰে সলনি কৰিব নিৰ্বাচনৰ ফলাফল।ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এইবাৰ পুনৰ ধিং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব।কংগ্ৰেছ দলৰ পৰা দলৰ যুৱ নেতা মহচিন খানে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰাৰ সম্ভাৱনা দেখা যায়।
বটদ্ৰৱা সমষ্টিৰ পূনঃনিৰ্ধাৰণৰ পাছত ধিং আৰু নগাঁও সমষ্টিৰ নিৰ্বাচনত কোন দলে কিমান ভোটত জয়ী হয় সেইয়া হ’ব অতি লক্ষনীয়।নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ে নগাঁৱত বিভিন্ন উন্নয়নমূলক কাম কৰি ৰাইজৰ মাজত আদৰ বুটলিবলৈ সক্ষম হৈছে।নগাঁৱক আগতকৈ বিকশিত কৰি জাকত-জিলিকা কৰি তুলিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ে।আৰু ধিং সমষ্টিৰ এ.আই.ইউ.ডি.এফ.ৰ বিধায়ক আমিনুল ইছলামক ধিং সমষ্টিৰ ৰাইজে ২০২১ বিধানসভা নিৰ্বাচনত বিপুল ভোট প্ৰদান কৰি জয়ী কৰি থৈছে।সেয়ে এইবাৰ ২০২৬ বিধানসভা নিৰ্বাচনত এই দুটা সমষ্টিৰ ফলাফল অতি লক্ষনীয় হ’ব।