Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰাজ্যত বন আন্দোলন আৰম্ভ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বন বিভাগটোৱে, এই উপলক্ষে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশ লয়।

জিলা উপায়ুক্ত কাৰ্যালয় সভা সভাত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত বেদখল সম্পৰ্কীয় বিতং তথ্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগক যুটীয়াভাৱে প্ৰয়োজনীয় জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে।

জিলাখনৰ জলাশয়সমূহৰ সংৰক্ষণৰ পদক্ষেপৰ লগতে এই সভাত পাটোৱাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত চলিত বৰ্ষত মৰিগাঁও জিলাত গছপুলি ৰোপণৰ বাবে অব্যাহত থকা পঞ্জীয়নৰ সবিশেষ বুজ লয়। মৰিগাঁও জিলাত এইবছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত প্ৰায় ৭ লাখ গছপুলি ৰোপনৰ লক্ষ্য লোৱা হৈছে। সভাত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে নেলী, দেওশাল আৰু মিকিৰভেটাত থকা বন বিভাগৰ নাৰ্চাৰীত পৰ্যাপ্ত গছপুলি মজুত আছে। মন্ত্ৰীগৰাকীয়ে এক সেউজ অৰ্থনীতি গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১০ টাকৈ বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৰ্বাধিক অৱদানৰ কথা দোহাৰে।

আজিৰ সভাত অসম চৰকাৰৰ সচিব আদিল খান, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ডঃ সত্যেন্দ্ৰ সিং, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, প্ৰাঞ্জল বৰুৱা, বিমান দাস আৰু সুলক্ষণা বৰপাত্ৰগোহাঁই, মাণ্ডলিক বন বিষয়া সুহাছ কদম আৰু বন বিভাগ তথা অন্যান্য কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল।

Wordpress Social Share Plugin powered by Ultimatelysocial