অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহু সমাগত হোৱাৰ লগে লগে ওদালগুৰি জিলাৰ টংলা চহৰৰ অন্তৰ্গত দক্ষিণ জংঘলপাৰা গাঁওখনত দেখা গৈছে ব্যাপক উৎসাহ, উদ্দীপনা আৰু আনন্দৰ পৰিবেশ। বছৰৰ সৰ্বাধিক প্ৰতীক্ষিত এই ভোগৰ উৎসৱক আদৰিবলৈ গাঁওবাসীয়ে বহুদিনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰিছে। শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধালৈকে সকলো শ্ৰেণীৰ লোক উৎসৱৰ আনন্দত সম্পূৰ্ণৰূপে মতলীয়া হৈ উঠিছে।

পৰম্পৰাগত ৰীতি-নীতি অনুসৰি গাঁওখনত এইবাৰো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে দুমহলীয়া ভেলাঘৰ। বাঁহ, খেৰ, কাঠ আদিৰে সাজি তোলা এই ভেলাঘৰটো গাঁওবাসীৰ ঐক্য আৰু সহযোগিতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। ভেলাঘৰ নিৰ্মাণৰ কামত গাঁওখনৰ যুৱক-যুৱতীসকলৰ লগতে বয়োজ্যেষ্ঠ লোকসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সামাজিক ঐক্যৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।
উৰুকাৰ নিশাত সমূহ ৰাইজে একত্ৰিত হৈ এসাঁজ খোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু ভোগালীক কেন্দ্ৰ কৰি আনন্দই বিৰাজ কৰিছে। উৰুকাৰ নিশা গীত-মাত, হাঁহি-ধেমালি আৰু মিলনৰ মাজেৰে উৎসৱৰ আনন্দ দুগুণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে।
ভোগালী বিহু কেৱল ভোজনৰ উৎসৱ নহয়, ই অসমীয়াৰ সামাজিক জীৱনৰ এক অমূল্য ঐতিহ্য। এই উৎসৱে ভাতৃত্ববোধ, সহমর্মিতা আৰু একতাৰ বাৰ্তা কঢ়িয়াই আনে। দক্ষিণ জংঘলপাৰা গাঁওবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো ভোগালী বিহুক সমূহ ৰাইজৰ অংশগ্ৰহণেৰে আনন্দ, উৎসাহ আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে উদযাপন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।