সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। বিমান বন্দৰত গৃহমন্ত্ৰী গৰাকীক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কেইবাটাও প্রকল্প উদ্বোধন তথা দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে ১১ বজাত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী।

গৃহমন্ত্ৰী গৰাকী আহমেদাবাদৰ পৰা দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও কুঁৱলীৰ বাবে তেওঁৰ বিমানখন উৰণ কৰিব নোৱাৰাৰ বাবে তেওঁৰ ভ্ৰমণ সোমবাৰলৈ স্থগিত ৰখা হৈছিল।
গৃহমন্ত্ৰীগৰাকীয়ে ইয়াত নতুনকৈ নিৰ্মাণ কৰা ‘স্বাহিদ স্মাৰক ক্ষেত্ৰত’ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই ভ্ৰমণৰ আৰম্ভণি কৰিব।
তেওঁ নগাঁও জিলাৰ বটদ্ৰৱাৰ বৈষ্ণৱ সন্ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটাদ্ৰৱ থানলৈ ৰাওনা হ’ব, য’ত তেওঁ আধ্যাত্মিক স্থানৰ ২২৭ কোটি টকাৰ পুনৰ উন্নয়ন প্ৰকল্প উদ্বোধন কৰিব।
গুৱাহাটীলৈ উভতি আহি শ্বাহে গুৱাহাটী আৰক্ষী আয়ুক্তৰ ১১১ কোটি টকাৰ নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে ১৮৯ কোটি টকাৰ ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম উদ্বোধন কৰিব।

একেদিনাই শ্বাহে নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে গুৱাহাটীত ৫ হাজাৰ আসনৰ ক্ষমতা থকা ২৯১ কোটি টকাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স নামৰ প্ৰেক্ষাগৃহটোও উদ্বোধন কৰিব।