এই খন কলিয়াবৰ…… মোমাই তামূলীয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ….. এইখন কলিয়াবৰ…….। হয় এইখন কলিয়াবৰ আৰু কলিয়াবৰ কুঠৰীৰ এই ঘৰখনতে বহু কালজয়ী গীত ৰচনা কৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই। দীৰ্ঘ বিৰতিৰ অন্তত অসম চৰকাৰৰ কৰ্তৃত্বলৈ আহিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰ কুঠৰীৰ এই বাসগৃহটি।
ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিক নেওগৰ পৰা ঘৰসহ মাটিখিনি ক্ৰয় কৰিলে অসম চৰকাৰে। ২ কোটি ৫১ লাখ টকাত চৰকাৰলৈ হস্তান্তৰ হ’ল সুধাকণ্ঠৰ মৰমৰ ঘৰখন আৰু মাটি। অসম চৰকাৰৰ পৰা এই শুভ সংবাদ লাভ কৰাৰ পাছতে সুধাকণ্ঠ ৰ কুঠৰীৰ এই সপোনৰ বাসগৃহত উপস্থিত হয় ভাতৃ সমৰ হাজৰিকা।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এই সপোনৰ ঘৰখনত উপস্থিত হৈ চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনাই…. চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰে সমৰ হাজৰিকাই।