পোহৰলৈ আহিছে গুৱাহাটীৰ শ্ৰেয়া ভট্টাচার্যৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য।দেওবাৰে পুৱা শোৱাপাটীতে শ্ৰেয়াভট্টচাৰ্য শৰ্মাৰ প্ৰাণ লৈছিল স্বামী ৰুবুৰ শর্মাই ।উলুবাৰীৰ ফেমিলী ক’ৰ্ট পথৰ হাউচ নম্বৰ ১৮ৰ প্ৰথম মহলাৰ বন্ধ কোঠাত পৰি ৰৈছিল ৰক্তাক্ত শ্ৰেয়া নামৰ মহিলাগৰাকী নিথৰ দেহ।উল্লেখ্য যে ৪ বছৰ পূৰ্বে প্ৰেম বিবাহ হৈছিল ৰুবুল-শ্ৰেয়াৰ। মেঘালয়ৰ ডাউকীৰ শ্ৰেয়া ভট্টাচাৰ্যৰ সৈতে সাত জনম একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল ।নলবাৰী টিহুৰ যুৱক ৰুবুলে দুবছৰ পূৰ্বে শ্ৰেয়া-ৰুবুলৰ জীৱনলৈ আহিছিল এগৰাকী কণমানি কন্যা সন্তান। লাহে-লাহে আগবাঢ়িছিল সংসাৰ। কিন্তু হঠাৎ দেওবাৰে সংঘটিত ঘটনাৰ পাছৰে পৰা থান বান হৈ পৰিল শ্ৰেয়াৰ জীৱন।পাষণ্ড স্বামী ৰুবুলে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে শ্ৰেয়াক। হত্যা কৰিয়েই পাণবজাৰ আৰক্ষী থানাত আত্মসমর্পণ কৰে পাষণ্ড স্বামী ৰুবুলে। আত্মসমর্পণ কৰি আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি স্বামী ৰুবুলৰ।পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই ৰুবুলে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ডকিন্তু ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ। শ্ৰেয়াৰ পৰিয়ালে ঘাতক ৰুবুলৰ বিৰুদ্ধে এইবাৰ উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ।অভিযোগ অনুসৰি শ্ৰেয়াক ঘাতক স্বামী ৰুবুল শৰ্মাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল শ্ৰেয়াক। অভিযোগ অনুসৰি ৰুবুলে ধন দাবীও কৰিছিল শ্ৰেয়া আৰু পৰিয়ালক। শ্ৰেয়াৰ আত্মীয় দাবী কৰা অনুসৰি নিৰ্যাতনৰ কথা ঘৰৰ মানুহক জনাইছিল শ্ৰেয়া।আনহাতে শ্ৰেয়াৰ পৰিয়ালে ৰুবুলৰ বিৰুদ্ধে শ্ৰেয়াক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কৰাৰ অভিযোগ ।
সমগ্র ঘটনাটো আৰক্ষীয়ে বৰ্তমানো তদন্তৰ আওতাত ৰাখিছে। পৰৱৰ্তী তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।