Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দুৰত্বত অৱস্থিত বৰগাঁৱত পিতা পুত্ৰৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । ঠেলামৰাৰ বৰগাঁও নিবাসী ডিম্বেশ্বৰ দাস আৰু পুত্ৰ বিশ্বজিৎ দাসে ২৫ বিঘা নিজ ভূমিত বৈজ্ঞানিক পদ্ধতিৰে চাহ খেতিৰে অধিক উৎপাদন কৰি বৰ্তমান উচিত মূল্য পাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত চাহপাতৰ উচিত মূল্য নোপোৱাক লৈ ঠায়ে ঠায়ে তিব্ৰ প্ৰতিবাদ চলি আছে তেনে সময়তে এই দুগৰাকী আদৰ্শ খেতিয়কে অধিক পৰিশ্ৰমৰে চাহ খেতি কৰি নিজৰ উচিত মূল্য পোৱাৰ লগতে আন দহ জনৰ বাবে আদৰ্শ হোৱাত বিশেষ চৰ্চা লাভ কৰিছে। তেওঁলোকে আন খেতিয়কসকলক এটাই কথাই কয় যে নিজে যিমান পাৰে উন্নত মানদণ্ডৰ চাহপাত চিঙিলে নিশ্চয় উচিত মূল্য পাবলৈ সক্ষম হ’ব । লগতে ফেক্টৰিসমূহৰ স্বত্বাধিকাৰী সকলে কয় যে আপোনালোকে খেতিয়কসকলক উচিত মূল্যৰ পৰা বঞ্চিত নকৰি উন্নত মাণদণ্ডৰ কেচাঁ চাহপাত লওক।

বৰ্তমান তেওঁলোকে উন্নত মানদণ্ডৰ কেচাঁ চাহপাত ঢেকিয়ালি বাগানত প্ৰদান কৰি কেজিত বাসত্তৰ আৰু পঞ্চাচ টকাকৈ পাবলৈ সক্ষম হৈছে। প্ৰতিজন চাহ খেতিয়কে যদি উন্নত মাণদণ্ডৰ কেচাঁ চাহপাত চিঙি ফেক্টৰিত প্ৰদান কৰে নিশ্চয় উচিত মূল্য পোৱাৰ লগতে চাহপাতৰ বজাৰখন বিশ্ব দৰবাৰত জিলিকি থাকিব বুলিও কয় খেতিয়কজনে।

Wordpress Social Share Plugin powered by Ultimatelysocial