Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

প্ৰকৃতিৰ সৃষ্টি প্ৰতিটো বস্তুৰে নিজৰ সুকীয়া বৈশিষ্ট্য আছে। বিভিন্ন খাদ্য সামগ্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰে। শেৱালি ফুলৰো এক নিজস্ব বৈশিষ্ট্য আছে। শেৱালি ফুল শৰীৰৰ বাবে বহু উপকাৰী।শেৱালি ফুলে জ্বৰ,কাহ,চৰ্দিৰ পৰা উপশম দিয়া,হজম শক্তি বঢ়োৱা,কৃমি নাশ কৰা,ছালৰ ৰোগৰ চিকিৎসাত সহায় কৰে আৰু চুলিৰ স্বাস্থ্যৰ বাবে শেৱালি ফুল উপকাৰী।ইয়াৰ উপৰি মানসিক চাপ কমোৱা আৰু তেজ পৰিষ্কাৰ কৰাতো ই সহায় কৰে, যাৰ বাবে আয়ুৰ্বেদত ইয়াৰ বহু গুৰুত্ব আছে।

বহু লোকে পাচলি হিচাপেও শেৱালি ফুল খায়।ভাজি বনায় খায়,বৰ বনায় খায়।শেৱালি ফুলৰ উপকাৰিতাৰ কথা ক’লে শেষ নহ’ব।ডায়েবেটিছ ৰোগীৰ বাবে শেৱালি ফুল অতি গুৰুত্বপূৰ্ণ। শেৱালি ফুলৰ সুগন্ধিয়ে মানসিক চাপ হ্ৰাস কৰে আৰু টোপনি যোৱাত সহায় কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial