
বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission)এ ২০২৬ বৰ্ষত প্ৰণয়ন কৰিছে এক নতুন নিয়ম, যাক উচ্চ শিক্ষা প্ৰতিষ্ঠানত সমতা বৃদ্ধিৰ নিয়মাৱলী, ২০২৬ (Promotion of Equity in Higher Education Institutions Regulations, 2026) বুলি কোৱা হয়। এই নিয়মসমূহৰ উদ্দেশ্য বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত জাতিভিত্তিক বৈষম্য ৰোধ কৰা। নিয়ম অনুসৰি প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ইকুইটি কমিটী গঠন কৰিব লাগিব। এই কমিটীয়ে অনুসূচিত জাতি, অনুসূচিত জাতি, আৰু অবিচি ছাত্ৰ-ছাত্ৰীৰ অভিযোগ শুনানি নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰিব। সমিতিখনত অনুসূচিত জাতি, অনুসূচিত জাতি, অবিচি, প্ৰতিবন্ধী, আৰু মহিলা অন্তৰ্ভুক্ত হ’ব লাগিব। কমিটীৰ দায়িত্ব হৈছে শিক্ষা প্ৰতিষ্ঠান চৌহদত সমতাৰ পৰিৱেশ সৃষ্টি কৰা আৰু বঞ্চিত সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা।

উচ্চ বৰ্ণৰ শিক্ষাৰ্থী বা সাধাৰণ শ্ৰেণী (General)ৰ শিক্ষাৰ্থীয়ে এই নতুন নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই নিয়মবোৰ উচ্চ জাতিৰ বিৰুদ্ধে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিয়মত কেৱল SC, ST আৰু OBCৰ শিক্ষাৰ্থীৰ বিৰুদ্ধেহে বৈষম্য বা ভেদভাৱৰ কথা কোৱা হৈছে। সাধাৰণ শ্ৰেণী (General)ৰ শিক্ষাৰ্থীও যে বৈষম্যৰ বলি হয়, সেই বিষয় গণ্য কৰা হোৱা নাই, যাৰ বাবেই এই প্ৰতিবাদ হৈছে। উচ্চবৰ্ণৰ শিক্ষাৰ্থীয়ে কয় যে যিকোনো শিক্ষাৰ্থীয়ে এই নিয়মৰ সুবিধা লৈ উচ্চবৰ্ণৰ ছাত্ৰ-ছাত্ৰীক ফান্দত পেলাবলৈ মিছা অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো ইতিমধ্যে আবেদন দাখিল কৰিলে। তাৰ পিছত UGCৰ নতুন নিয়ম-নিৰ্দেশনাত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ।
নতুন নীতিত সাধাৰণ বৰ্গৰ শিক্ষাৰ্থীক বৈষম্যৰ উঠিছিল অভিযোগ।দেশজুৰি সাধাৰণ বৰ্গৰ শিক্ষার্থীয়ে কৰিছিল প্ৰতিবাদ। সেই প্ৰতিবাদ আৰু গোচৰৰ শুনানিত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মালা বাগচীৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান। নতুন নীতি নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰি UGCৰ নতুন নিয়মে বিপদ মাতিব বুলি কয় সর্বোচ্চ ন্যায়ালয়ে।