Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিৰোধী ঐক্য মঞ্চৰ দলবোৰক মঙলবাৰৰ দিনটোত মহানগৰত সৰৱ হোৱা দেখা গ’ল। এক উমৈহতীয়া উদ্দেশ্যৰ বাবে একেলগে দেখা গৈছে বিৰোধী ঐক্যমঞ্চৰ নেতা-নেত্ৰীসকলক। লোকসভা নিৰ্বাচনৰ পাছত পুনৰ একেলগে বহি শাসকীয় দলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে বিৰোধী ঐক্যমঞ্চৰ দলবোৰে!!! কিন্তু কিয়? কি কাৰণত একেলগ হৈছে বিৰোধী ঐক্যমঞ্চৰ দলবোৰ।

এটা উমৈহতীয়া উদ্দেশ্য আগত লৈ মঙলবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আম আদমী পাৰ্টী, কংগ্ৰেছ, চিপিআই (এম), এনচিপি, অসম তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক আৰু জনতা দলৰ নেতৃত্ব। এই দলবোৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ তথা কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশীদাৰ হিচাপে কংগ্ৰেছ, চিপিআই( এম), এনচিপি, তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক আৰু আৰ জে ডি দলৰ প্ৰতিনিধিক দেখা গৈছিল। “কেন্দ্ৰৰ শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনা বিচাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে। হাস্পতালত মুখ্যমন্ত্ৰী কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছে। তেজত শৰ্কৰাৰ পৰিমাণ কমিছে। তেওঁৰ ওজন অস্বাভাৱিক ভাবে হ্ৰাস পাইছে। কিন্তু চৰকাৰে তেওঁক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়োৱা নাই। বিজেপিয়ে কাৰাগাৰত কেজৰিৱালক হত্যাৰ চক্ৰান্ত কৰিছে। ইডি, চিবিআইৰ জৰিয়তে বিৰোধী দলৰ নেতাক নিঃশেষ কৰিব বিচাৰিছে। আজি আমি কেজৰিৱালৰ মুক্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।” প্ৰতিবাদস্থলীত উপস্থিত থাকি আপ অসমৰ নেতা ডাঃ ভবেন চৌধুৰীয়ে এইদৰে মন্তব্য কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰা বেদব্ৰত বৰাই কয়, “কেজৰিৱালৰ দৰে এগৰাকী উচ্চ শিক্ষিত তথা দুৰ্নীতিমুক্ত নেতাক কোনো প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বহিঃপ্ৰকাশ। আদালতত চিবিআয়ে দাখিল কৰা অভিযোগনামাত কেজৰিৱালক দোষী সাব্যস্ত কৰিব পৰা নাই। আমি অতি শীঘ্ৰে কেজৰিৱালৰ মুক্তি বিচাৰিছোঁ।”

চিপিআই (এম)ৰ নেতা নয়ন ভূঞা আৰু ৰিতুৰঞ্জন দাসেও প্ৰতিবাদত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ গ্ৰেপ্তাৰক গণতন্ত্ৰ বিৰোধী বুলি আখ্যা দিয়ে নয়ন ভূঞাই। বাওঁপন্থী নেতাগৰাকীৰ মতে, “কেজৰিৱাল এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বী আৰু দিল্লীত অভিলেখ সংখ্যক ভোটেৰে নিৰ্বাচিত এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। তেওঁৰ গ্ৰেপ্তাৰৰ জৰিয়তে কেন্দ্ৰৰ মোদী চৰকাৰে সংবিধান আৰু গণতন্ত্ৰ হত্যা কৰিব খুজিছে। কেজৰিৱালক কাৰাবন্দী কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰোঁ। আমি অবিলম্বে নেতাগৰাকীৰ মুক্তি বিচাৰোঁ।”

প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, মুখপাত্ৰ পলাশী দাস, কোষাধ্যক্ষ ঘনকান্ত শইকীয়া, ফৰৱাৰ্ড ব্লকৰ মিহিৰ নন্দী, আৰ জে ডিৰ যুৱ নেতা কামাখ্যা পাণ্ডে, এন চি পিৰ পৰেশ বৰুৱায়ো অংশগ্ৰহণ কৰি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে সৰৱ হয়।

উল্লেখ্য যে ইণ্ডিয়া জোঁটৰ অংশীদাৰ দল সমূহে মঙলবাৰে দিল্লীৰ জন্তৰ মন্তৰতো কেজৰিৱালৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial