Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। বিকাশ অসমক বিচাৰি জিলাই জিলাই আৰক্ষীয়ে চলাইছে অভিযান। বৰ্তমানেও পলাতক বিকাশ অসম। ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ীক অপহৰণৰ গোচৰত বীৰ লাচিত সেনাৰ ৮ সদস্যক আটক কৰিছিল আৰক্ষীয়ে। ঘটনাৰ পিছতে বীৰ লাচিত সেনাক লৈ কঠোৰ হৈছিল মুখ্যমন্ত্ৰী। প্ৰয়োজনত দলটোক অসমত নিষিদ্ধ কৰা হব বুলিও স্পষ্ট কৰে আৰক্ষীয়ে। সংগঠনটোৰ বিৰুদ্ধে আছে বহু ধন দাবীৰ গোচৰ। সকলো গোচৰৰে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইফালে ধন দাবীৰ অভিযোগ বীৰ লাচিত সেনাৰ ৩ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ ৰণ্টু পানীফুকন, তন্ময় চেতিয়া আৰু উৎপল অসমক। অসম উপাধি লিখাক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জিলাই জিলাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে থকা সকলো গোচৰৰো তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial