Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

দেশ উন্নতিৰ জখলাত দোপতদোপে আগুৱাই গৈছে।ভাৰতীয় মহিলায়ে ক্ৰিকেটত বিশ্বকাপ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰতীয় মহিলায়ে মহাকাশত খোজ দিছে।’মিছন সেন্দূৰ’ৰ দৰে অপাৰেশ্যনত ভাৰতীয় মহিলায়ে নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। আৰু অনেক মহিলা আছে যি নিজৰ পাৰদৰ্শিতাৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু এইখন ভাৰততেই এনেকুৱা এখন ঠাই আছে য’ত। ভাৰতৰ বিহাৰত এনেকুৱা এখন ঠাই আছে , সেই ঠাইত ছোৱালীৰ ১৯,২০ বছৰ বয়সলৈকে বিয়া নহ’লে বিয়া হ’ব নোৱাৰিব বাবেই ১৪,১৫ বছৰ বয়সতে বিয়া দি দিয়ে।১৫,১৬ বছৰ বয়সত এজনী ছোৱালীয়ে সন্তান জন্ম দিয়ে।কোনো শিক্ষা লাভ নকৰা ছোৱালী এজনী কম বয়সতে সন্তানৰ মাতৃ হৈ পৰে।এক উপযুক্ত শিক্ষাৰ পৰিৱেশ নথকা বাবেই স্বামীসকলে অত্যধিক মদ্যপান কৰি অতি কম বয়সতে মৃত্যুবৰণ কৰে।যাৰ ফলত ১৫,১৬ বছৰ বয়সতে ছোৱালীসকল বিধৱা হ’ব লগা হয়।

বিহাৰৰ মুছাহাৰী সম্প্ৰদায়ৰ এই মহিলাসকলে এক অতি দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে।শিক্ষাৰ পোহৰ লাভ নকৰা এই মহিলাসকলে এনে পৰিস্থিতিৰ পৰা কেনেকৈ মুক্তি পাব?কি হ’ব এই মহিলাসকলৰ ভৱিষ্যত? এইয়া এক‌ অতি চিন্তনীয় বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial