গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ পানী ৰঙা বুলি কৈ মহানগৰীৰ বান-যান জঁটৰ সমস্যাৰ পৰা হাত সাৰিব বিচৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলবোৰ। সোমবাৰৰ মুষলধাৰ বৰষুণ আৰু তাৰ পাছত মহানগৰীত দেখা দিয়া যমৰ যাতনাত অতীষ্ঠ হৈ পৰিছিল নাগৰিক। অধিকাংশ নাগৰিকে সন্ধিয়াৰ পৰা মাজনিশা পৰ্যন্ত ঘৰ পাবলৈ তীব্ৰ যান জঁটৰ বাবে যুঁজ দিবলগীয়া হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিটত মঙলবাৰে বিৰোধী দলবোৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী কৰিছে।
উল্লেখ্য যে মঙলবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলে কৈছিল যে মহানগৰৰ বানপানীৰ বাবে অত্যাধিক বৰষুণ তথা মেঘালয়ৰ পৰা নামি অহা পানী জগৰীয়া। শাসকীয় দলৰ কেবিনেট মন্ত্ৰীৰ এই ভাষ্যৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী ৰাজনৈতিক দল তথা সচেতন মহল।
মঙলবাৰে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ বহুসংখ্যক নেতা, কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতা ৰমেন বৰঠাকুৰ আৰু অনুৰূপা ডেকাৰজাৰ নেতৃত্বত দলৰ কৰ্মী সকলে কৃত্ৰিম বানে যাতায়াত অচল কৰা ৰুক্মিণী গাঁৱত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
আপৰ নেতা ৰমেন বৰঠাকুৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটীৰ বান সমস্যা অবিলম্বে সমাধান কৰিবলৈ দাবী জনায়। আনহাতে, গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰম ব্যৰ্থতাৰ পৰিচয় দিয়া মন্ত্ৰী অশোক সিংহলৰ ক’লা পানী আৰু ৰঙা পানীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে বৰঠাকুৰে।
আম আদমী পাৰ্টীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব তথা অসম জাতীয় পৰিষদ দলেও কৃত্ৰিম বানপানী সন্দৰ্ভত চৰকাৰৰ স্থিতিক সমালোচনা কৰে।