মদ্যপান কৰি মৃত্যু হোৱা লোকক ৰাজহুৱা কৱৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডাত মাদক দ্ৰৱ্য সেৱন বিৰোধী সজাগতা সভাত মুছলমান সমাজে ল’লে ডাঙৰ সিদ্ধান্ত৷

জাহিৰপুৰ , চৰাইমাৰী,মেৰগাণ্ডা,কলহীপাৰ মাজগুমী, উত্তৰ মেৰগাণ্ডা, মধ্য মেৰগাণ্ডা গাঁৱৰ ৰাইজে লৈছে ডাঙৰ সিদ্ধান্ত৷ আনকি মাদক দ্ৰব্য সেৱন কৰি গাঁৱত উদ্ভণ্ডালি কৰা ব্যক্তিৰ বিৰুদ্ধে দণ্ড বিহা হ’ব বুলিও ঘোষণা কৰিছে মুছলমান সমাজে৷ এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত গৰৈমাৰীৰ মেৰগাণ্ডাত অনুষ্ঠিত সজাগতা সভা লয় এই সিদ্ধান্ত৷ গুমী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য মইনুল হকৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক ৰুবুল আলীয়ে৷ সজাগতা সভাত আজমল হক ভূঞাক কেন্দ্ৰীয় সভাপতি আৰু ৰুবুল আলীক সম্পাদক হিচাপে লৈ ৫০ জনীয়া সদস্যৰে মাদক দ্ৰব্য সেৱন বিৰোধী কমিটিখন গঠন কৰা হয়।
নতুন কমিটিখনে মদ, ভাং আৰু ড্ৰাগছ সেৱন কৰি মৃত্যু বৰণ কৰা লোকক ৰাজহুৱা কৱৰস্থানত কবৰস্থ নকৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷