বহু বছৰ ধৰি দুখ কষ্টেৰে কেতিয়াবা নোখোৱাকৈয়ো পাৰ কৰিব লগা হৈছে দুটি কণমানিৰ লগতে একমাত্ৰ ককায়েকে। ঘৰখনৰ অৱস্থা দেখিলে আপোনাৰো চকুপানী ওলাব। একেবাৰেই জৰাজীৰ্ণ, টিনপাতবোৰ পচি য’তে ত’তে ফুটা, বৰষুণ দিলেই পানী পৰে।বেৰবিলাকো পচি উৱলি গৈছে। চৰকাৰী সাহাৰ্য্য বুলিবলৈ সুলভ মূল্যৰ দোকানৰ পৰা ১৫ কেজি চাউল পায়। এই চাউলখিনি হেনো ১০, ১২ দিনমানহে যায়। তাৰ পাছত ওচৰ চুবুৰীয়াৰ ওচৰত হাত পাতিব লাগে। কভিড মহামাৰীৰ সময়ত দেউতাক মাক নোহোৱাৰ পাছতেই এতিয়া বহু কষ্টেৰে জীৱন পাৰ কৰিবলগা হৈছে এওলোকে।কণমানি দুজনীৰ এজনী চতুৰ্থ আৰু এজনী নৱম শ্ৰেণীত অধ্যয়নৰত।
হেঁপাহ পঢ়ি শুনি কিবা এটা হোৱাৰ। একমাত্ৰ ককায়েক বিশেষভাৱে সক্ষম, খোজো কাঢ়িব নোৱাৰে। এই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ সৰুপথাৰ সমষ্টিৰ পূব বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাৰমুখীয়াত। এতিয়া সৰুপথাৰ সমজিলা টাই আহোম ছাত্ৰ সন্থা ওলাই আহিছে এওঁলোকৰ সাৰথি হৈ। তেওঁলোকে জৰাজীৰ্ণ ঘৰটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ লগতে ককায়েক কমল শইকীয়াকো বৰপথাৰ নগৰত এখন শাক পাচলিৰ দোকান খুলি দিয়াৰো দায়িত্ব লৈছে। আটাছুৰ এই মহানুভৱতাক এতিয়া একেমুখে প্ৰশংসা কৰিছে সকলোৱে।
লগতে তেওলোকে স্থানীয় বিধায়ককো পৰিয়ালটিৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।