Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পেট্ৰল পাম্পে তেলৰ পৰিৱৰ্তে পানী ভৰালে মন্ত্ৰী কেশৱ মহন্তৰ বাহনত। মংগলবাৰে যোৰহাটৰ লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিল
মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহন। পেট্ৰল পাম্পটোৰ কৰ্মচাৰীয়ে মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহনত তেল ভৰোৱাৰ পিছতেই বিকল হৈ পৰে দুয়োখন বাহন। তাৰ পিছতেই ফাদিল লাহটি ব্ৰাদাৰ্ছ পেট্ৰল পাম্পৰ কুকীৰ্তি। ডিজেলৰ পৰিৱৰ্তে ঘোলা পানী হে দিয়া হৈছিল মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুখন বাহনত। দুয়ো খন বাহন বিকল হৈ পৰাৰ পিছতেই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হোৱাত গা এৰা মন্তব‍্য পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ
বৰষুণৰ বাবে হে পানী মিহলী হৈছে তেলত বুলি মন্তব্য কৰে কৰ্মচাৰী আৰু পেট্ৰল পাম্পটোৰ কৰ্তৃপক্ষই। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Wordpress Social Share Plugin powered by Ultimatelysocial