মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ।মধ্যপ্ৰাচ্যত উত্তেজনাৰ বাবে গভীৰ হৈ আহিছে তেল আৰু গেছৰ যোগানৰ সংকট। দেশৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হৈছে। হুৰাহুৰে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। চেঞ্চুৰি অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। নিশা প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰ’লত ২ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত। মধ্য প্ৰাচ্যত হোৱা যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিছে ভাৰতত ৷ ভাৰতত হুৰাহুৰে বৃদ্ধি পাইছে ডিজেলৰ মূল্য। মাজ নিশাৰ পৰা প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি কৰা হৈছে ২.৩৫ টকাকৈ।

দেশৰ প্ৰধান তেল কোম্পানীয়ে বৃদ্ধি কৰিলে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য আনহাতে, ঔদ্যোগিক ডিজেলৰ মূল্য প্ৰায় ২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হোৱাৰ পিছতে এতিয়া পেট্ৰ’লৰ মূল্যত বিপৰ্যয়ৰ সন্মুখীন হৈছে সাধাৰণ জনতা। দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ১০৯.৫৯ টকা। অৱশ্যে সাধাৰণ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই।