Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বৃদ্ধি পালে ৰে’লৰ টিকটৰ মূল্য:

By Author Parishmita Gayan December 26, 2025 9:16 am

আজিৰ পৰা ৰে’ল যাত্ৰাৰ নামত জনতাই ভৰিব লাগিব অধিক ধন। ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয় যে, ২১৫ কিলোমিটাৰৰ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ (এচি) ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত দুপইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ২১ ডিচেম্বৰত মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে ২৬ ডিচেম্বৰৰ পৰা এই নতুন ভাড়া কাৰ্যকৰী হ’ব। এবছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰে’লৰ ভাড়া বৃদ্ধি হৈছে।

মন্ত্ৰালয়ে ভাড়া বৃদ্ধিৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি কয় যে, ভাড়া সলনি কৰাৰ উদ্দেশ্য হৈছে যাত্ৰীৰ বাবে টিকটৰ বহনক্ষমতা আৰু কাৰ্যকৰী বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা। সংশোধিত ভাড়াৰ গাঁথনিৰ অধীনত উপনগৰ সেৱা আৰু ছিজন টিকটৰ ভাড়াৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।ইয়াৰ ভিতৰত উপনগৰ আৰু অ-নগৰীয়া দুয়োটা পথকে অন্তৰ্ভুক্ত কৰা হৈছে।

মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিলোমিটাৰ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাড়া বৃদ্ধি কৰা হোৱা নাই। গতিকে দৈনন্দিন যাতায়ত কৰা লোকসকল দাম বৃদ্ধি ফলত প্ৰভাৱিত নহয়। বাকী বৃদ্ধি হোৱা ভাড়াসমূহ এনেধৰণৰ হ’ব পাৰে-

২১৬ কিলোমিটাৰৰ পৰা ৭৫০ কিলোমিটাৰৰ ভিতৰৰ দূৰত্বৰ বাবে ৫টকা বৃদ্ধি।
৭৫১ কিলোমিটাৰৰ পৰা ১২৫০ কিলোমিটাৰ দূৰত্বৰ বাবে ১০ টকা বৃদ্ধি।১২৫১ কিলোমিটাৰৰ পৰা ১৭৫০ কিলোমিটাৰলৈ ১৫ টকা বৃদ্ধি।১৭৫১ কিলোমিটাৰৰ পৰা ২২৫০ কিলোমিটাৰলৈ ২০ টকা বৃদ্ধি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial