মধ্য প্ৰাচ্যৰ চলন্ত যুদ্ধই পাকিস্তানৰ জুৰুলা অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে, যাৰ ফলত ইন্ধনৰ মূল্যবৃদ্ধি, চৰম মুদ্ৰাস্ফীতি আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পাইছে। মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱত ইন্ধনৰ নাটনিৰ আশংকাত বন্ধ দিয়া হৈছে স্কুল-কলেজ পাকিস্তানত।

১৫ দিনৰ বাবে দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা।
সপ্তাহৰ ৪ দিন খোলা থাকিব চৰকাৰী কাৰ্যালয় তদুপৰি ৫০ শতাংশ কৰ্মচাৰীয়ে কৰিব ‘ৱৰ্ক ফ্রম হোম’। ইন্ধন সংকট মোকাবিলা কৰিবলৈ জৰুৰী পদক্ষেপ চৰকাৰৰ।
আমেৰিকা ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষই বিশ্বব্যাপী যোগান শৃংখলত ব্যাঘাত জন্মাইছে, ইয়াৰ লগতে ছৌদি আৰৱৰ দৰে মিত্ৰৰ সৈতে সম্পৰ্ক অটুট ৰাখিবলৈ পাকিস্তানৰ সেনা প্ৰধানৰ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।যুদ্ধৰ প্ৰভাৱৰ বাবে পাকিস্তানৰ সেনাপ্ৰধানে চাউদী আৰৱ ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যালোচনা কৰিছে। মধ্য প্ৰাচ্যৰ সংঘাতে বিশ্বৰ তেল উৎপাদনত বাধা দিছে, যাৰ ফলত পাকিস্তানত খাৰুৱা তেলৰ মূল্য ব্যাপকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পৰিণতিত পৰিবহণ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাই অৰ্থনৈতিক অৱস্থা জটিল কৰি তুলিছে পাকিস্তানত ।