Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

উত্তৰাখণ্ডত ৰেড এলাৰ্ট জাৰি
সাময়িকভাৱে বন্ধ কৰিলে চাৰধাম যাত্ৰা

উত্তৰাখণ্ডৰ সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ ৰাজ্যখনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইপিনে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ইয়াৰ প্ৰভাৱ উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাতো পৰিছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।

এনে পৰিস্থিতিত চাৰধাম যাত্ৰা সাময়িকভাৱে বন্ধ থাকিব বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। বিপদৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক য’তেই আছে তাতেই আশ্ৰয় ল’বলৈ কোৱা হৈছে। মন কৰিব যে প্ৰাকৃতিক দুৰ্যোগৰ বাবেই জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰাও বন্ধ কৰি ৰখা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডত অহা ৮ জুলাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে।

ইতিমধ্যে কুমাওঁ, পৌৰী, চামোলি আৰু ৰুদ্ৰপ্ৰয়াগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ডেৰাডুন, হৰিদ্বাৰ, তেহৰী আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ আশংকাও কৰা হৈছে। নদীবোৰো বাঢ়িবলৈ আৰম্ভ কৰিছে। ১০ মে’ৰ পৰা আৰম্ভ হৈছিল চাৰধাম যাত্ৰা। নৱেম্বৰ মাহলৈকে এই যাত্ৰা চলি থাকিব। কিন্তু প্ৰতিকূল বতৰৰ বাবে চাৰধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial