ডনাল্ড ট্ৰাম্পে সাময়িক ভাৱে স্থগিত কৰিলে নতুন কৰ আৰোপৰ সিদ্ধান্ত। ৯০ দিনৰ বাবে স্থগিত নতুন কৰ আৰোপৰ সিদ্ধান্ত।
চীনৰ ক্ষেত্ৰত ট্ৰাম্পৰ কঠোৰ সিদ্ধান্ত। চীনা সামগ্ৰীৰ ওপৰত ১২৫% কৰ আৰোপ কৰিলে ট্ৰাম্পে। ভাৰতৰ ওপৰত ২৬% কৰ আৰোপ কৰিছিল ডনাল্ড ট্ৰাম্পে। নিজৰ ইচ্ছা মতে আমেৰিকান সামগ্ৰীৰ ওপৰত কোনো দেশে যাতে কৰ আৰোপ কৰিব নোৱাৰে তাৰ বাবে ভাৰতকে ধৰি ৭৫খন দেশৰ ওপৰত কৰ আৰোপ কৰিছিল ডনাল্ড ট্ৰাম্পে। কৰ আৰোপৰ সিদ্ধান্ত সাময়িক ভাৱে স্থগিত ৰখাৰ বাবে সকাহ লাভ কৰিছে দেশসমূহে।