Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

২০০১ চনৰ ১১ ফেব্ৰুৱাৰীত নগাঁৱত জন্মলাভ কৰা চিমু আজি সমগ্ৰ দেশবাসীৰ চিনাকী মুখ।চিমুয়ে নিজৰ দুৰ্বলতাক প্ৰত্যাহবানৰূপে লৈ জাকত জিলিকিল অসমৰ নগাঁৱৰ চিমু দাস।যিসময়ত এচামলোকে কন্যা সন্তানক বোজা বুলি ভাবি অৱহেলা কৰে।সেই সময়তেই এগৰাকী অন্ধ্ৰ ছোৱালীয়ে নিজৰ কৰ্মদক্ষতাৰে ভাৰতবাসীৰ লগতে বিশ্ববাসীৰ মনত ঠাই লাভ কৰিছে।


আনৰ ঘৰত কাম কৰি পৰিয়াল পোহ-পাল দিয়া মাতৃয়ে দুই সন্তানক বহু কষ্টৰে ডাঙৰ দীঘল কৰিছিল।শাৰীৰিকভাৱে সক্ষম দুই সন্তানক মাতৃয়ে সৰুৰ পৰা ডাঙৰ-দীঘল কৰিবলৈ নানা প্ৰত্যাহবানৰ সন্মুখীন হৈছিল।পিতৃৰ মৰমৰ বঞ্চিত চিমুৰ সৰুৰ পৰা নিজৰ কৰ্মৰ প্ৰতি একাগ্ৰতা আছিল।জন্মৰ পৰা পিতৃৰ মৰম নোপোৱা চিমিক মাতৃয়ে দিছিল দুয়োৰে মৰম।মাতৃয়ে চিমুক সৰুৰ পৰায়ে উন্নত শিক্ষাৰ বাবে ঘৰৰ পৰা দূৰত ৰাখিছিল।গুৱাহাটী সাতগাঁৱৰ জ্যোতি নিকেতন অন্ধ বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰি পৰৱৰ্তী সময়ত মনফ’ৰ্টছ দৃষ্টিহীন বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা চিমু দাসে বিদ্যালয়ৰ এগৰাকী ছিষ্টাৰৰ সান্নিধ্য লাভ কৰিছিল।পৰৱৰ্তী সময়ত দিল্লী সত্যবাদী দৃষ্টিহীন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা চিমু দাস বৰ্তমান স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী।ক্ৰিকেটৰ ক্ষেত্ৰখনত চিমুয়ে বহু বাধা-বিঘিনী অতিক্ৰম কৰি সফল হৈছে।ক্ৰিকেটৰ জগতখন চিমুৰ যাত্ৰা আছিল কাঁইটীয়া।২০২২চনৰ পৰা ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰি চিমুয়ে ২০২৫ত লাভ কৰিছে এক বৃহৎ সফলতা।প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা খেল আৰম্ভ কৰি পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাইছিল চিমুয়ে আৰু ২০২৫ ত ক্ৰিকেটৰ জগতত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছিল।
চিমু দাস সাহস হওক অসমৰ লগতে ভাৰতৰ প্ৰতিগৰাকী ছোৱালীৰ।প্ৰতিগৰাকী ছোৱালীৰ বাবে আৰ্দশ হওক চিমু দাস।নিজৰ প্ৰতিবন্ধকতাবোৰ আগুৱাই সকলো ছোৱালীয়ে জাকত জিলিকি উঠক।

Wordpress Social Share Plugin powered by Ultimatelysocial