Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বৰপেটা জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে আকস্মিকভাৱে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বৰপেটাৰ নিজচেঙাত তিনিখন ফাৰ্মৰ মুঠ ৫৬ টা গাহৰি নিধন কৰা হয় বুলি সদৰী কৰে বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াই।

কেইদিনমানৰ পূৰ্বে গহিয়াত থকা গাহৰিৰ এখন ফাৰ্মত এই ৰোগৰ সংক্ৰমণ ধৰা পৰাৰ পাছত জিলাখনৰ চেঙাৰ সমীপৰ নিজচেঙাৰ বামপাৰাৰ এখন ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহে ।

তাৰফলত বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত এই বীজাণুৰ সংক্ৰমণ ধৰা পৰা ফাৰ্মখনৰ ২৮ টা গাহৰি নিধন কৰা হয় ।‌ ইয়াৰ সমান্তৰালকৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ওচৰৰে আন দুখন ফাৰ্মৰ গাহৰিও বধ কৰা হয় ।

ইয়াকে ধৰি আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিজচেঙাৰ তিনিখন ফাৰ্মৰ ৫৬ টা গাহৰি নিধন কৰা হয় বুলি সদৰী কৰে বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ প্ৰবীণ দাসে । ইপিনে সংক্ৰমণ ৰোধ কৰাৰ সন্দৰ্ভত ডাঃ দাসে কয় যে এই সময়ত গাহৰিৰ ফাৰ্মবোৰত যিকোনো লোকৰ প্ৰৱেশ বন্ধ কৰিব লাগে ।‌

কিয়নো মানুহৰ জৰিয়তে গাহৰিৰ মাজত সংক্ৰমণ ঘটিব পাৰে ।‌ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰপেটা জিলাত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ডাঃ দাসে জনায় । সেই অনুসৰি জিলাখনত গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে ।‌

অৱশ্যে জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত তেনে সৰবৰাহ নিষিদ্ধ কৰা হোৱা নাই ।‌প্ৰসংগক্ৰমে ডাঃ দাসে জনায় যে বৰপেটা জিলাত ছহেজাৰ গাহৰি আছে ।

ইপিনে ক্ষতিগ্ৰস্ত গাহৰি পালকে অতি শীঘ্ৰে ক্ষতিপূৰণৰ লাভ কৰিব বুলিও ডাঃ দাসে সদৰী কৰে ।

Wordpress Social Share Plugin powered by Ultimatelysocial