Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অসম চৰকাৰৰ বাগৰুম্বা নৃ্ত্যানুষ্ঠানৰ মহা আয়োজন। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত এইবাৰ ১০০০০ ৰো অধিক নৃত্য শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। এই অনুষ্ঠানটোত ২৩ খন জিলাৰ ১০ হাজাৰতকৈ অধিক শিল্পীয়ে অংশ ল’ব ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া বিশ্ব মঞ্চলৈ অসমৰ সাংস্কৃতিক যাত্ৰাৰ অংশ হিচাপে বাগৰুম্বাক লৈ যোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ‘বিহু আৰু ঝুমইৰক অধিক জনপ্ৰিয় কৰাৰ পাছত এতিয়া বাগৰুম্বাক বিশ্ব আগত তুলি ধৰাৰ সময় আহি পৰিছে। অসম চৰকাৰে আয়োজন কৰা বৃহৎ সাংস্কৃতিক প্ৰদৰ্শনীৰ ধাৰাবাহিকতা অতুত ৰাখি এই মেগা বাগৰুম্বা নৃত্য প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে। ১১ জানুৱাৰী তাৰিখে গুৱাহাটীলৈ লৈ অনা হ’ব প্ৰতিখন জিলাৰ সকলো শিল্পীক । ১২ ৰ পৰা ১৫ জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব চূড়ান্ত অনুশীলন । ১৬ তাৰিখে জিৰণি লৈ ১৭ তাৰিখে সন্ধিয়াভাগত অনুষ্ঠিত হ’ব মূল অনুষ্ঠানটো।

Wordpress Social Share Plugin powered by Ultimatelysocial